সমললৈ যাওক

নিক'টিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিক'টিন
ক্লিনিকেল তথ্য
Trade names Nicorette, Nicotrol
AHFS/Drugs.com Monograph
Pregnancy
category
  • US: D (Evidence of risk)
    Dependence
    liability
    High
    Routes of
    administration
    smoked (as smoking tobacco, mapacho, etc.), insufflated (as tobacco snuff or nicotine nasal spray), chewed (as nicotine gum, tobacco gum or chewing tobacco), transdermal (as nicotine patch, nicogel or topical tobacco paste), intrabuccal (as dipping tobacco, snuffs, dissolvable tobacco or creamy snuff), vaporized (as electronic cigarette, etc.), directly inhaled (as nicotine inhaler), oral (as nicotini), buccal (as snus)
    ATC code
    Legal status
    আইনী স্থিতি
    Pharmacokinetic data
    Bioavailability 20 to 45% (oral)
    Metabolism hepatic
    Elimination half-life 2 hours; 20 hours active metabolite (cotinine)
    চিনাক্তকাৰী
    • ৩-(১-মিথাইল পাইৰ'লিডিন ২-আইল) পাইৰিমিডিন
    CAS Number
    PubChem CID
    IUPHAR/BPS
    DrugBank
    ChemSpider
    UNII
    KEGG
    ChEBI
    ChEMBL
    CompTox Dashboard (EPA)
    ECHA InfoCard 100.000.177 ৱিকিডে'টাত সম্পাদনা কৰক

    নিক'টিন‌ এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি একধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ (ক'লিনাৰ্গিক এচিটাইলক'লিন সংগ্ৰাহক) ওপৰত প্ৰভাৱ পেলায়। ই মূলত ছ'লানেচি গোত্ৰৰ উদ্ভিদত পোৱা যায়। উদ্ভিদৰ পাত আৰু মূল নিক'টিনৰ উৎস।

    নিক'টিন মূলতঃ ধঁপাত আৰু চিগাৰেট বা জৰ্দা আদিত পোৱা যায়।

    ধপাত গছৰ বৈজ্ঞানিক নাম Nicotiana tabacum ৰ পৰা ইয়াৰ নামকৰণ কৰা হৈছে। পৰ্তুগালৰ ফৰাচী ৰাষ্ট্ৰদূত Jean Nicot de Villemainৰ নামত এই গছৰ নামকৰণ কৰা হয় যিয়ে ১৫৬০ চনত পেৰিছলৈ ধঁপাত প্ৰেৰণ কৰিছিল। ধঁপাতৰ পৰা নিক'টিন পৃথক কৰিছিল জাৰ্মান পদাৰ্থবিদ ৱিলিয়াম হেনৰিখ আৰু ৰসায়নবিদ লুইডৱিক ৱিমেনে।

    প্ৰথম ব্যৱহাৰ : কীটনাশক হিচাপে

    [সম্পাদনা কৰক]

    ধঁপাত ইউৰোপত প্ৰথম পৰিচিতি লাভ কৰিছিল ১৫৫৯ চনত আৰু সপ্তদশ শতাব্দীৰ পিছলৈকে ই কেৱল ধূমপানতেই ব্যৱহৃত হোৱা নাছিল বৰঞ্চ কীটনাশক হিচাপেও ইয়াৰ ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বিশ্বব্যাপী আঢ়ৈ হাজাৰ টন নিক'টিন কীটনাশক (ধঁপাত কাৰখানাৰ বৰ্জ্য) ব্যৱহৃত হৈছিল। কিন্তু ১৯৮০ চনৰ মাজভাগত ইয়াৰ ব্যৱহাৰ ২০০ টনলৈ নামি আহিছিল। মানুহৰ বাবে কম ক্ষতিকৰ অন্যান্য কীটনাশক আবিষ্কৃত হোৱাৰ বাবে এনে ঘটিছিল।

    ধাৰাবাহিক ধুম্ৰপায়ী হোৱাৰ মূল দায়ী জিনীয় কাৰণ বুলি কোৱা হয়। যিসকল কিশোৰে ধূমপান কৰে, ১৫ বছৰ বয়স হ'লে তাৰে প্ৰায় এক-চতুৰ্থাংশৰ ই নিয়মিয়া অভ্যাসত পৰিণত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰে ১৮ বছৰ বয়সত ৪৩ শতাংশই প্ৰতিদিনে এক পেকেট বা তাতোধিক চিগাৰেট সেৱন কৰিব পাৰে।

    জিনগত কিছুমান বৈশিষ্টৰ কাৰণেই মানুহে কৈশোৰত ধূমপান আৰম্ভ কৰে আৰু পাছলৈ ধাৰাবাহিক ধুম্ৰপায়ী হৈ পৰে। এই বৈশিষ্টৰ বাবেই মানুহে গোটেই জীৱন ধূম্ৰপায়ী হৈ কটাই দিব পাৰে। সম্প্ৰতি এক গবেষণাৰ দ্বাৰা যুক্তৰাষ্টৰ, যুক্তৰাজ্য আৰু নিউজিলেণ্ডৰ বিজ্ঞানীসকলে মাত্ৰাধিক ধূমপান কৰাৰ লগত জিনীয় বৈশিষ্টৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰি আছে। আনহাতে প্ৰাপ্ত বয়স্কৰ ক্ষেত্ৰত যিসকল জিনগত কাৰণত নিক'টিনৰ আসক্ত হয়, তেওঁলোকৰ ২৭ ভাগ নিক'টিন সেৱনত অভ্যস্ত হৈ পৰে, আৰু প্ৰায় ২২ শতাংশই চিগাৰেট এৰি দিয়াৰ চেষ্টা কৰিও ব্যৰ্থ হয়। [1]

    নিক'টিনৰ ক্ষতিকাৰক দিশ

    [সম্পাদনা কৰক]

    গৱেষণাৰ পৰা দেখা গৈছে যে ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে বিশ্বত ৪ নিযুত লোক মৃত্যুবৰণ কৰিছে। অনুমান কৰা হৈছে, ধঁপাত সেৱনৰ হাৰ এনেদৰে চলি থাকিলে ২০২০ চনৰ ভিতৰত মৃত্যু আৰু শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰধান কাৰণ হ'ব ধঁপাত সেৱন।[2] পৰোক্ষ ধূমপানে শিশুৰ মাৰাত্মক ক্ষতি কৰিব পাৰে। শিশুয়ে সাধাৰণতে দ্ৰুত শ্বাস লয়, তদুপৰি সিহঁতৰ শ্বাস তন্ত্ৰও অপৰিণত, সেয়ে চিহাৰেটৰ ধুঁৱা সহজেই শিশুৰ শ্বাসতন্ত্ৰত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে। পৰোক্ষ ধূমপানৰ কাৰণে শিশুৰ নিউম'নিয়া, ব্ৰংকিঅ'লাইটিছ, ব্ৰংকাইটিছ., হাঁপানি ইত্যাদি ৰোগ হয়। কেৱল যুক্তৰাষ্ট্ৰতেই প্ৰতিবছৰে তিনি লাখ শিশু চৌপাশৰ ধূমপানৰ কাৰণে নিউম'নিয়া আৰু ব্ৰংকাইটিছত ভোগে। পৰোক্ষ ধূমপানৰ প্ৰভাৱত শ্বেত ৰক্তকণিকাই ঠিকমতে কাৰ্য কৰিব নোৱাৰে, ফলত শিশু অলপতেই অসুখত ভোগে। যুক্তৰাজ্যত বছৰি পৰোক্ষ ধূমপানৰ কাৰণে ১৭ হাজাৰ শিশু বিভিন্ন ৰোগত আক্ৰান্তহৈ চিকিৎসালয়ত ভৰ্তি হয়। পাৰিপাৰ্শিক ধূমপানৰ কাৰণে শিশুৰ হৃদৰোগো হ'ব পাৰে। ইয়াৰোপৰি মধ্যকৰ্ণৰ প্ৰদাহ, বধিৰতা, মূৰৰ বিষ, মূৰ ঘুৰোৱা, অস্থিৰতা, আদিও হ'ব পাৰে। শিশুৰ স্বাভাৱিক বৰ্ধন আৰু মানসিক বৃদ্ধি ব্যাহত হ'ব পাৰে। যুক্তৰাষ্ট্ৰৰ এক গৱেষণাত দেখা গৈছে, যিসকল শিশু গণিত আৰু যুক্তিবিদ্যাত কম পাৰদৰ্শী তেওঁলোকৰ বেচি ভাগৰেই মাক-দেউতাক ধূম্ৰপায়ী। এঁওলোকে শিক্ষক আৰু সহপাঠীৰ লগত সঠিক আচৰণ কৰিবলৈও নিশিকে। গৰ্ভাৱস্থাত ধূমপান কৰিলে সন্তানৰ মৰাত্মক ক্ষতি হয়, কাৰণ গৰ্ভস্থ সন্তানৰ শৰীৰত যি ৰক্ত প্ৰবাহিত হয়, তাৰ অক্সিজেন ধাৰণক্ষমতা ধঁপাতৰ কাৰ্বন ম'ন-অক্সাইডৰ উপস্থিতিয়ে কমায় দিয়ে। নিক'টিনে গৰ্ভাশয়লৈ ৰক্ত-সৰবৰাহ হ্ৰাস কৰে, ফলস্বৰূপে মাকৰ শৰীৰৰ পৰা পৰ্যাপ্ত পুষ্টি গৰ্ভস্থ সন্তানৰ শৰীৰলৈ যাব নোৱাৰে, সেয়ে শিশুৰ বৃদ্ধিও ব্যাহত হয়। ইয়াৰোপৰি ধূমপানৰ কাৰণে গৰ্ভপাত নাইবা অপৰিণত শিশুৰ জন্ম হ'বও পাৰে। এনে অপৰিণত শিশুবোৰ অন্য সংক্ৰমণ বা অন্য কোনো কাৰণত মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। মাকৰ ধূমপানৰ কাৰণে অনাগত সন্তানৰ জন্মগত সমস্যাও হ'ব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে, পৰিয়ালত দেউতাক, ককায়েক বা অন্য কোনোবাই ধূমপান কৰিলে শিশুসকল সহজেই আকৃষ্ট হয়।[3]

    তথ্য সংগ্ৰহ

    [সম্পাদনা কৰক]
    নিক'টিন
    Morty Proxy This is a proxified and sanitized view of the page, visit original site.