- ৭৬২ - খলিফা আল-মনচুৰে বাগদাদ চহৰ প্ৰতিষ্ঠা কৰিছিল।
- ১৯৭৩ - মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামকৰণ কৰা হয়।
- ২০০০ - বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।
- ২০১৮ - অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হৈছিল। সৰ্বমুঠ ৩২.৯ মিলিয়ন আবেদনকাৰীৰ পৰা ২৮.৯ মিলিয়ন আবেদনকাৰীৰ নাম প্ৰথমখন খচৰাত প্ৰকাশ পোৱাৰ বিপৰীতে ৪ মিলিয়ন লোকৰ নাম বাদ পৰি ৰৈছিল।
- ২০২২ - ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত সাইখোম মীৰাবাই চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে ৷[1]
- ১৮৬৩ - হেনৰী ফ'ৰ্ড, আমেৰিকাৰ উদ্যোগপতি আৰু মটৰগাড়ী নিৰ্মাতা।
- ১৮৮৩ - বদ্ৰীনাথ গোয়েংকা, উদ্যোগপতি আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন চেয়াৰমেন।
- ১৮৮৬ - মুথুলক্ষ্মী ৰেড্ডী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। (জঃ ২২ জুলাই ১৯৬৮)
- ১৯২৬ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক।
- ১৯৪৭ - আৰ্নল্ড ছোৱাৰজেনেগাৰ (ইংঃ Arnold Schwarzenegger) হলিউড ছবিৰ নায়ক, পেচাদাৰী ব’ডী বিল্ডাৰ, একাধিকবাৰ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ অলিম্পিয়া বিজয়ী।
- ১৯৭৩ - চনু নিগম, প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী।
- ১৭৭১ - টমাছ গ্ৰে, ইংৰাজ কবি।
- ১৭৮৪ - ডেনিছ ডিডেৰো, আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ।
- ১৮৯৮ - অটো ডন বিছমাৰ্ক, জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক।
- ২০০৭ - ইংমাৰ বাৰ্গমেন, ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছনৰ পৰিচালক।
- আন্তৰ্জাতিক বন্ধুত্ব দিৱস। (ৰাষ্ট্ৰসংঘ)