সমললৈ যাওক

লিবিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিবিয়া , হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ, পূবে ইজিপ্ত, দক্ষিণ-পূবে চুডান, দক্ষিণে চাড, দক্ষিণ-পশ্চিমে নাইজাৰ, পশ্চিমে আলজেৰিয়া আৰু উত্তৰ-পশ্চিমে টিউনিছিয়া। লিবিয়া তিনিটা ঐতিহাসিক অঞ্চলৰে গঠিত: ট্ৰিপলিটানিয়া, ফেজান আৰু চাইৰেনাইকা। প্ৰায় ১৮ লাখ কিলোমিটাৰ বৰ্গমাইল (৭ লাখ বৰ্গমাইল) আয়তনৰ এইখন আফ্ৰিকা আৰু আৰব বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ, আৰু বিশ্বৰ ১৬ নং বৃহত্তম দেশ। দেশখনৰ অনুষ্ঠানিক ধৰ্ম ইছলাম হয়। লিবিয়াৰ জনসংখ্যাৰ ৯৬.৬% চুন্নী মুছলমান। লিবিয়াৰ অনুষ্ঠানিক ভাষা আৰবী অাৰু স্থানীয় ভাষা লিবিয়ান আৰবী ভাষা আটাইতকৈ বেছি কোৱা হয় আৰু লিবিয়াৰ জনসংখ্যাৰ অধিকাংশই আৰব হয়। লিবিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত আটাইতকৈ ডাঙৰ চহৰ আৰু ৰাজধানী ট্ৰিপলি, জ'ত লিবিয়াৰ ১০ লাখৰো অধিক লোক থাকে।[1]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

"লিবিয়া" নামৰ উৎপত্তি প্ৰথমে দ্বিতীয় ৰামচেছৰ এটা শিলালিপিত দেখা গৈছিল, যিটো hieroglyphic'ত rbw বুলি লিখা আছিল। এই নামটো প্ৰাচীন পূব "লিবিয়ান" বাৰ্বাৰ, আফ্ৰিকান সকল আৰু জনগোষ্ঠীৰ এটা বৃহৎ সংঘক দিয়া সাধাৰণীকৃত পৰিচয়ৰ পৰা উদ্ভৱ হৈছে যিসকলে চাইৰেনাইকা আৰু মাৰ্মাৰিকাৰ ৰসাল অঞ্চলৰ আশে-পাশে বাস কৰিছিল। ৪০,০০০ জনীয়া সৈন্যবাহিনী আৰু "লিবুৰ মহান প্ৰধান" নামেৰে জনাজাত জনগোষ্ঠীৰ এটা সংঘৰ নেতৃত্বত আছিল ৰজা মেৰিয়ে যিয়ে ৫ বছৰ (খ্ৰীষ্টপূৰ্ব ১২০৮)ত ফেৰাউন মেৰ্নেপ্টাহৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এই সংঘাতৰ কথা তেওঁৰ ৰাজত্বকালৰ ৫ম আৰু ৬ষ্ঠ বছৰত পশ্চিম বদ্বীপত থকা মহান কৰ্ণক শিলালিপিত উল্লেখ কৰা আছে জে ইয়াৰ ফলত মেৰেইৰ পৰাজয় হৈছিলে। মহান কৰ্ণক শিলালিপি অনুসৰি, সামৰিক মিত্ৰজোঁটত মেশ্বেছ, লুক্কা আৰু "সাগৰীয় জনগোষ্ঠী" ক একৱেছ, টেৰেছ, শ্বেকেলেছ আৰু শ্বাৰ্ডেন নামেৰে জনাজাত আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://www.cia.gov/the-world-factbook/countries/libya/
লিবিয়া
Morty Proxy This is a proxified and sanitized view of the page, visit original site.